ৰাষ্ট্ৰীয়অসমীয়া

ত্ৰিৰংগাৰে মেৰিয়াই শ্বহীদৰ মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল এটি ময়ূৰৰ, কিন্তু কিয়?

নিউজ ডেস্ক। সৈনিকৰ নহয়, শ্বহীদৰ মৰ্যাদাৰে সম্পন্ন হ’ল এটি ময়ূৰৰ শেষকৃত্য।

বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা ৰাষ্ট্ৰীয় পক্ষী এটি ময়ূৰৰ অন্তিম যাত্ৰাত ভাগ ল’লে অগণন লোকে।

P07

ত্ৰিৰংগাৰে মেৰিয়াই চাৰিজন লোকে যেতিয়া কান্ধপাতি ময়ূৰৰ মৃতদেহটো শ্মশানলৈ লৈ যায়, সেই দৃশ্যই ভাবুক কৰি তোলে প্ৰতিজনকে।

এই ঘটনা ৰাজস্থানৰ ঝুনঝুনুৰ।

জানিব পৰা মতে, ঝুনঝুনুৰ মান্দাৱা মোড এলেকাত এটা ময়ূৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাটিত বাগৰি পৰে।

লগে স্থানীয় লোকে প্ৰকৃতিপ্ৰেমী তথা স্থানীয় পশু চিকিৎসক ডাঃ অনিল খিচাদক খবৰ দিয়ে।

p06

ঘটনাস্থলীত উপস্থিত হৈ ডাঃ অনিল খিচাদে বিদ্যুৎপৃষ্ঠ ময়ূৰটোৰ চিকিৎসা আৰম্ভ কৰে যদিও দুৰ্ভাগ্যজনকভাৱে ময়ূৰটোৰ মৃত্যু ঘটে।

ময়ূৰটোৰ এনে কৰুণ মৃত্যুৱে ব্যথিত কৰি তোলে ডাঃ অনিল খিচাদৰ লগতে স্থানীয় বাসিন্দা সকলকো। যাৰ বাবে ৰাষ্ট্ৰীয় পক্ষী ময়ূৰটোক শ্বহীদৰ মৰ্যাদা প্ৰদান কৰি শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লয় অঞ্চলবাসীয়ে।

সিদ্ধান্ত মতেই ময়ূৰটোক ত্ৰিৰংগাত মেৰিয়াই চাৰিজন লোকে কান্ধ পাতি শ্মশানলৈ লৈ যায়।

মান্দাৱা ৰোডৰ পৰা ইন্দিৰা নগৰৰ শ্মশানলৈ বাহিৰ কৰা ময়ূৰটোৰ অন্তিম শোভাযাত্ৰাত ভাগ লয় অগণন লোকে।

চাউণ্ড বক্সত বাজি উঠা দেশপ্ৰেমমূলক গীতে এই শোভাযাত্ৰাত অংশ লোৱা প্ৰতিজনৰে দুচকু সেমেকাই তোলে।

55

শোভাযাত্ৰা পাৰ হৈ যোৱাৰ সময়ত সকলোৱে থিয় হৈ ময়ূৰটোক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাও পৰিলক্ষিত হয়।

ইয়াৰ পিছতে আইন অনুসৰি ময়ূৰটোৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ইন্দিৰা নগৰৰ শ্মশানত।

লগতে চাওকঃ

ৰাজ্যৰ বিভিন্ন জিলাত প্ৰবল শিলাবৃষ্টি, নিম্নগামী তাপমাত্ৰা

G02

শোকাকুল পৰিৱেশত সম্পন্ন জম্মু কাশ্মীৰত মৃত্যুক সাৱটি লোৱা CRPF জোৱান দীপক কুমাৰ দাসৰ শেষকৃত্য

G01

Leave a Reply

Your email address will not be published. Required fields are marked *