ট্ৰাকে মহটিয়াই নিলে বাইক, নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ অকাল মৃত্যু

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল এক শােকাৱহ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ।

এইবাৰ ঘটনাৰ স্থান মঙ্গলদৈ।

2

জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ ১১.৩੦ মান বজাত মঙ্গলদৈ সদৰ থানাৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

6

মঙ্গলদৈৰ পৰা নিজৰ জেঠায়েকৰ সৈতে AS-01Q-8951 নম্বৰৰ মটৰ চাইকেলত উঠি গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়তে বাইকখনক পিছফালৰ পৰা মহটিয়াই নিলে AS-01G-C3685 নম্বৰৰ এখন মালবাহী ট্ৰাকে।

22

অংকিতা কাশ্যপ

এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় স্থানীয় লেঙেৰীপাৰাৰ প্ৰয়াত গুণ ডেকাৰ ১৫ বছৰীয়া কন্যা অংকিতা কাশ্যপৰ।

জানিব পৰা মতে, মৃত কিশোৰীগৰাকী মঙলদৈ ডনবস্ক’ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী।

555

আৰক্ষীয়ে ইতিমধ্য দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে।

কিশােৰীগৰাকীৰ এনে অকাল মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে স্থানীয় লােকসকলক।

জানিব পৰা মতে, ডেৰ বছৰ বসয়তে অংকিতাৰ পিতৃ গুণ ডেকাৰ অকালতে মৃত্যু ঘটিছিল।

এতিয়া নিজ মাতৃক অকলশৰীয়া কৰি চিৰদিনৰ বাবে গুচি গ’ল অংকিতাও।

555-copy

মঙ্গলদৈ লােকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই ঘটনাৰ গভীৰ শােক প্ৰকাশ কৰিছে।

সামাজিক মাধ্যমৰ জৰিয়তে শইকীয়া কয়, ‘মঙ্গলদৈৰ সদৰ থানাৰ সন্মুখত হোৱা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত মঙ্গলদৈৰ লেঙেৰীয়াপাৰা অঞ্চলৰ অংকিতা ডেকা নামৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ খবৰটোৱে মোক অতিকৈ মৰ্মাহত কৰিছে ৷ কিশোৰী গৰাকীৰ আকস্মিক মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ ৷’

লগতে চাওকঃ

স্কুটী আৰােহী দম্পতীক মহটিয়াই নিলে কয়লা পৰিবাহী ট্ৰাকে, মহিলাৰ মৃত্যু

G6

প্ৰয়াত স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা ৪০ লাখ টকা ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে আগবঢ়ালে পত্নীয়ে

g01

Leave a Comment