অসমঅসমীয়া

স্কুটী আৰােহী দম্পতীক মহটিয়াই নিলে কয়লা পৰিবাহী ট্ৰাকে, মহিলাৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

বহিঃৰাজ্যৰ কয়লা পৰিবাহী ১৬ চকীয়া ট্ৰাকৰ খুন্দাত মৃত্যু মহিলাৰ।

গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ স্বামী।

এই ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ পিবি-১১ বি-ইউ-৫৪০৯।

P1

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ইণ্ডিয়া ক্লবৰ সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, ট্ৰাকখনে স্কুটীৰে গৈ থকা ৰাজু গুৰুং আৰু সৰিতা গুৰুং নামৰ দম্পতীক মহটিয়াই নিয়ে।

স্কুটীৰে মাৰ্ঘেৰিটাৰ পৰা বৰগোলাই অভিমুখে যাত্ৰা কৰিছিল দম্পতীহালে।

P2

সৰিতা গুৰুং

এই দুৰ্ঘটনাৰ পাছতে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় সৰিতা গুৰুং নামৰ মহিলাগৰাকীৰ।

ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও স্থানীয় লােকে ট্ৰাকখন ধৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।

G6

অৱশ্যে, ট্ৰাকখনৰ চালক-হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়। এই ঘটনাই অঞ্চলজুৰি গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

প্ৰয়াত স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা ৪০ লাখ টকা ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে আগবঢ়ালে পত্নীয়ে

g01

তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে বাইক আৰােহী আৰক্ষী জোৱানক, থিতাতে মৃত্যু

G7

Leave a Reply

Your email address will not be published. Required fields are marked *