সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বিৰোধিতা শ্বেৰমান আলীৰ, ক’লে- শ্বেৰমান আগতে মৰিব তাৰ পাছতহে উচ্ছেদ হ’ব…

ৰপেটা সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বিৰোধিতা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ।

যেতিয়ালৈ শ্বেৰমান আলী জীয়াই থাকিব তেতিয়ালৈ বাঘবৰত কোনোধৰণৰ উচ্ছেদ নচলিব বুলি হুংকাৰ দিয়ে বিধায়ক শ্বেৰমান আলীয়ে।

বৰপেটা সত্ৰৰ ভূমি বেদখল কৰি থকা বুলি অভিযোগ উঠি অহা লোকসকলক উদ্দেশ্যি বিধায়ক গৰাকীয়ে কয়- ‘কোনেও ভয় কৰিব নালাগে মই আগতে মৰিম তাৰপাছতহে উচ্ছেদ চলিব।’

আনহাতে, ৰাজ্যত বিজেপি চৰকাৰ সদায় নাথাকে যদিহে আল্লাহে তেওঁক জীয়াই ৰাখে তেওঁ চৰকাৰ আৰু প্ৰশাসনৰ এই কাৰ্য্যৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম প্ৰতিশোধ ল’ব বুলিও বিধায়ক গৰাকীয়ে যুদ্ধংদেহী মনোভাৱেৰে উল্লেখ কৰে।

শ্বেৰমান আলীয়ে চৰকাৰ তথা প্ৰশাসনক সম্পুৰ্ণৰূপে অবজ্ঞা কৰি প্ৰশাসনে সত্ৰৰ বেদখলীকৃত ভূমিত পুতি থোৱা খুটিও উভালি পেলোৱা বুলি অভিযোগ উঠিছে।

ইপিনে, শ্বেৰমান আলীৰ এনে কাৰ্য্যৰ পাছতে বিধায়ক গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বৰপেটা সত্ৰ পৰিচালনা সমিতি।

Leave a Comment