অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হব ৰাজ্য, অনা হ’ব কাঢ়া আইনঃ মুখ্যমন্ত্ৰী…

চান্দা সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হব ৰাজ্য। চান্দা সংস্কৃতিৰ বিৰুদ্ধে আনিব কাঢ়া আইন।

প্ৰয়োজন হলে সম্পত্তি বাজেয়াপ্ত কৰি সেই টকা উভতাই দিয়া হ’ব লোকক।

১ ফেব্ৰুৱাৰী অৰ্থাৎ নিজৰ জন্মদিনৰ দিনটোতে এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মঙলবাৰে সাংবাদিকেৰে হোৱা এক সাক্ষাতত মুখ্যমন্ত্ৰীয়ে কয়, অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৫ ৰাজ্যৰ ভিতৰত এখন কৰিব লাগিব। অসমৰ পৰা চান্দা উঠোৱা ৰাজ্যৰ টেগ লাইন উঠাব লাগিব।

তেওঁ কয়- অন্যকো চান্দা উঠোৱা কাৰ্যত বাধা দিয়াৰ লগতে নিজেও ইয়াৰ বিৰোধিতা কৰিব লাগিব। ব্যৱসায় সকল হৈছে অৰ্থনৈতিক দিশৰ মূল ভেটি। লগতে ব্যৱসায়ী সকলে নিবনুৱাকো সংস্থাপন দিয়ে।

সেয়ে ব্যৱসায়ী সকসক চান্দাৰ নামত কোনেও হাৰাশাস্তি যাতে নকৰে তাৰ বাবে অনা হব এখন বিধেয়ক। যি বিধেয়কত থাকিব যে, কোনো লোকে যদি জোৰ কৈ চান্দা আনে তেন্তে আদালতে সেই লোকৰ সম্পত্তি বাজেয়াপ্ত কৰি তাৰেই টকাৰে চান্দাৰ ধন উভতাই দিয়া হব।

Leave a Reply

Your email address will not be published. Required fields are marked *