আৰক্ষীৰ বৃহৎ সফলতা, অসম-ত্ৰিপুৰা সীমান্তৰ পৰা কোটি টকা মূল্যৰ ২৩৬০ কিলো গাঞ্জা জব্দ…

অসম আৰক্ষীৰ বৃহৎ সফলতা।

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা কোটি টকা মূল্যৰ গাঞ্জা জব্দ।

কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ হয় ২৩৬০ কেজি গাঞ্জা।

চুবুৰীয়া ত্ৰিপুৰাৰ সীমান্তৰ চুৰাইবাৰীত কৰিমগঞ্জ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কেইবাটাও পেকেটত উপলব্ধ ২,৩৬০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

ত্ৰিপুৰাৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰে।

ইতিমধ্যে ট্ৰাকৰ চালক ছাদ্দাম ইমানদাৰ আৰু হেণ্ডিমেন আছিফ শ্বেখকো আটক কৰিছে আৰক্ষীয়ে।

Image

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে অসম আৰক্ষী।

অসম আৰক্ষীয়ে বিগত সময়ছোৱাত ড্ৰাগছ জাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ ক্ষেত্ৰত একেলগে ইমান পৰিমাণৰ গাঞ্জা হোৱাটো চমকপ্রদ হিচাপে চিহ্নিত হৈছে।

আৰক্ষীৰ এনে সফলতাক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ প্ৰশংসা কৰিছে।

Leave a Comment