আৰক্ষীৰ বৃহৎ সফলতা, বাহিৰলৈ চালান দিবলৈ লওতেই জব্দ দুখনকৈ গৰু ভৰ্তি বাহন, দুজনক আটক…

নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী গোৱালপাৰাৰ শিমলীতোলা আৰক্ষীৰ বৃহৎ সফলতা।

বাহিৰলৈ চালান দিবলৈ লওতেই দুখনকৈ বাহন ভৰ্তি মুঠ ২৯ টাকৈ গৰু জব্দ।

লগতে আৰক্ষীয়ে হাৱাল খণ্ডকাৰ আৰু দিলবৰ হক নামৰ দুজন লোককো আটক কৰিবলৈ সক্ষম হৈছে।

শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজিৎ দাসৰ নেতৃত্বত চলিছিল এই অভিযান।

AS-25-CC-8098 আৰু আন এখন নম্বৰ বিহীন যোদ্ধা বাহনত কঢ়িওৱা হৈছিল গৰু কেইটা।

বাহন দুখনৰ লগতে গৰুবোৰ সম্প্ৰতি শিমলীতোলা আৰক্ষী চকীত আছে।

ধৃত লোক দুজনৰ ঘৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাবাৰী আৰু বালাপাৰাত বুলি আৰক্ষীয়ে জনাইছে

গৰু সমূহ বালাংদেশলৈ চালানৰ বাবে বাহনত ভৰাই নি থকাৰ অনুমান আৰক্ষীৰ।

Leave a Comment