শিলচৰ মেডিকেল কলেজ হাস্পতালত অঘটন।
হাস্পতালৰ চাৰি মহলাৰ পৰা জাঁপ দিলে ICUত থকা ৰোগীয়ে।
জানিব পৰা মতে, চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন ৰোগীজনে চাৰি মহলাৰ পৰা শুক্ৰবাৰে নিশা জাপ দিয়াৰ ফলত গুৰুতৰভাৱে আহত হয়।
মূৰ, হাত আদি শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা ৰোগী জনক পুনৰ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়৷
জানিব পৰা মতে, ৰোগী জনৰ ঘৰ হাইলাকান্দি জিলাৰ দক্ষিণ মোহনপুৰত৷
হুছেইন আহমেদ বৰভূঞা নামৰ ২৮ বছৰীয়া যুৱকজনক দুদিন পূৰ্বে SMCHত ভৰ্তি কৰোৱা হৈছিল।
জানিব পৰা মতে, নিজৰ ঘৰত বিষপান কৰি আত্মহত্যা কৰাৰ চেষ্টা কৰাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।









