অনিমেষ ভূঞাৰ পৰিয়ালক ৫লাখ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

শনিবাৰে প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞাৰ দেৰগাঁৱৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

যোৰহাটত সংঘটিত নিৰ্মম গণপ্ৰহাৰৰ ঘটনাক গৰিহণা দিয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে, অনিমেষ ভূঞাৰ পৰিয়ালক ৫লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তাৰোপৰি, পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস দি ফাষ্টট্ৰেক আদালতত বিচাৰৰ বাবে ন্যায়ালয়ত আবেদন জনোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হৈছিল ৰাজ্যকঁপোৱা ভয়ংকৰ গণপ্ৰহাৰৰ ঘটনা।

ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস আৰক্ষীৰ গুলীত নিহত হোৱাৰ লগতে ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে।

আনহাতে এই ঘটনাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বহুকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

Leave a Comment