দেশৰ গৌৰৱ লাভালীনা বৰগোহাঁইলৈ অসম গণ পৰিষদৰ ৫ লাখ টকাৰ পুৰস্কাৰ…

বজ্ৰকন্যা লাভলীনা বৰগোহাঁইলৈ অসম গণ পৰিষদৰ উপহাৰ।

শনিবাৰে লাভলীনা বৰগোহাঁইলৈ অসম গণ পৰিষদ দলে আগবঢ়াই ৫ লাখ টকাৰ চেক।

লাভলীনাৰ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁওৰ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগেত চেক প্ৰদান কৰে অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই।

অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে অন্যান্য দলীয় সতীৰ্থই শৰাই, প্ৰশস্তি পত্ৰ, গামোচা, ফুলৰ টোৰাৰে সম্বৰ্ধনা জনাই লাভলীনাই।

Image

অগপ নেতৃত্বক লাভলীনা বৰগোহাঁয়ে ধন্যবাদ জনোৱাৰ লগতে আগন্তুক ২০২৪ চনৰ পেৰিছ অলিম্পিকত স্বৰ্ণপদক লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

শনিবাৰৰ অসম গণ পৰিষদৰ সম্বৰ্ধনাৰ সময়ত স্থানীয় বিজেপি বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল।

Leave a Comment