অসম

আলহীৰ ঘৰৰ পৰা উভতাৰ সময়তে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মিঠুনে…

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।

বাক্সা জিলাৰ তামুলপুৰৰ ক’দালপাৰত নিশা অচিনাক্ত বাহনৰ খুণ্ডাত নিহত স্কুটী আৰোহী।

দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ হৈছে AS 28 B 9080।

vlcsnap-2022-01-21-14h51m25s920

নিহত লোক জন তামুলপুৰ মহকুমাৰ মাজদিয়াৰ মিঠুন বড়ো(২৮) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা ন মান বজাত আলহীৰ ঘৰৰ পৰা ৰঙিয়া-ভূটান পথেৰে আহি থাকোতে কোনো অচিনাক্ত বাহনে পিচফালৰ পৰা খুন্দিয়াই থৈ যোৱাত স্কুটী সহ পথৰ কাষৰ খাৱৈত পৰি যোৱাত মৃত্যু মুখত পৰে লোক জন।

vlcsnap-2022-01-21-14h51m32s744

পুৱা পথাৰত গৰু এৰাল দিব যোৱা স্থানীয় কেইজন লোকে পথৰ কাষত স্কুটী সহ এজন মানুহ পৰি থকা দেখি তামুলপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

লগতে চাওকঃ

কাৰাগাৰৰ কুঠৰীত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ লিখিব উদ্ধৱ ভৰালীয়ে, ক’লে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ…

G4

মৰ্মান্তিক! তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰােহী সপ্তম শ্ৰেণীৰ ছাত্ৰী

G3

Leave a Reply

Your email address will not be published. Required fields are marked *