ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত নামি দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰ, নিহত ১

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ঘন কুঁৱলীৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথৰ দাঁতিত খাৱৈত নামি দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাহন।

এই দুৰ্ঘটনাৰ স্থান মঙলদৈ থানাৰ অন্তৰ্গত দলিবাৰী।

বৃহস্পতিবাৰে পুৱতিনিশা সংঘটিত এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়, লগতে আহত হয় ৭ জন যাত্ৰী।

vlcsnap-2022-01-21-12h45m37s028

জানিব পৰা মতে, বুধবাৰে নিশা গােৱালপাৰা জিলাৰ জলেশ্বৰৰ পৰা ২৩ গৰাকী যাত্ৰীলৈ এ এছ ০১ কে চি ১৫১১ নম্বৰৰ ট্ৰেভেলাৰখনে ঢেকীয়াজুলি অভিমুখে যাত্ৰা কৰিছিল।

পুৱতি নিশা ৪.৩০ মান বজাত শাকতোলা নদী পাৰ হৈ বাহনখন দলিবাৰী উপ-স্বাস্থ্য কেন্দ্ৰৰ সমীপত উপস্থিত হয়।

সেই সময়ত ঘন কুঁৱলীৰ বাবে বাহনখন পথৰ দাঁতিৰ পথাৰত নামি যায় আৰু সেই স্থানত খান্দি থোৱা তৰাং খাল এটাত নামি পৰে।

vlcsnap-2022-01-21-12h46m02s825

আৰক্ষীয়ে সকলো যাত্ৰীক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে।

এই দুৰ্ঘটনাত নিহত লােকজন জলেশ্বৰৰ আব্দুল কৰিম (৫১) বুলি চিনাক্ত কৰা হৈছে।

বাকী যাত্ৰীসকলৰ মাজৰ ৭জন কম-বেছি পৰিমাণে আঘাত পায় যদিও প্ৰাথমিক চিকিৎসাৰ পিছত অধিকাংশকে ঘৰলৈ যাব দিয়া হৈছে।

লগতে চাওকঃ

চহৰৰ পদপথৰ নলাত পৰিল মাতৃসহ কণমানি! কথমপি প্ৰাণৰক্ষা

G1

কাৰাগাৰৰ কুঠৰীত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ লিখিব উদ্ধৱ ভৰালীয়ে, ক’লে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ…

G4

Leave a Comment