অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

টুইটাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভােগালী বিহুৱে প্ৰকৃতিৰ সৈতে আমাৰ স্বাভাৱিক সম্পৰ্কৰ কথাকে চিহ্নিত কৰে।

ইপিনে, টুইটাৰত প্ৰধানমন্ত্ৰীয়ে অসমবাসীক ভোগালী বিহুৰ ওলগ জনাই লিখিছে, “আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো। মই প্ৰাৰ্থনা কৰোঁ যে এই উৎসৱে সকলোৰে জীৱন সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰি তোলক।”

আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও টুইটাৰ যোগে ৰাজ্যবাসীক জাতিৰ উৎসৱটিৰ শুভকামনা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে লিখিছে, “অসমৰ জাতীয় পৰম্পৰাৰ অন্যতম আধাৰ হৈছে আমাৰ বাপতি সাহোন মাঘ বিহু। চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ এক সংপৃক্ত অংগ। ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক সঞ্জীৱনী শকতি, তাৰেই কামনাৰে অসমবাসীলৈ ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছা যাচিলোঁ৷”

Leave a Comment