মহানগৰ আৰক্ষীৰ জালত এইবাৰ গুৱাহাটীত সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ পকেটমাৰৰ গেং।
জালুকবাৰী আৰক্ষীয়ে সোমবাৰে বৰিপাৰাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনি দুৰ্ধৰ্ষ পকেটমাৰক।
ধৃত পকেটমাৰকেইটাৰ নাম ক্ৰমে মণ্টু আলী, সুনীল নাথ আৰু আবুল আলী ওৰফে আবু।
আৰক্ষীয়ে তিনিওৰে পৰা নগদ ১৭,৫০০ টকাসহ বহু আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি অনুসৰি, পেছাত বাছ চালক সুনীল নাথে তেওঁলোকৰ নিৰ্বাচিত এক স্থানত বাছ ৰখাই অচিনাক্ত ব্যক্তিক লক্ষ্য কৰি এক বিশেষ জাল পেলায়।
জালত পৰা পুৰুষ অথবা মহিলাৰ কাষত নিজৰ পূৰ্বপৰিকল্পিত প্লেনেৰে আবুল আলীয়ে বমি কৰিৰবলৈ আৰম্ভ কৰে। বমি কৰা আবুল আলীক সহায় কৰিবলৈ আগবাঢ়ি যোৱা অচিনাক্ত পুৰুষ বা মহিলাগৰাকীৰ পৰা মণ্টু আলীয়ে চেগ বুজি টকা চুৰি কৰে।
ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।
আনহাতে, পকেটমাৰৰ গেংটোৰ অন্যতম মাষ্টাৰমাইণ্ড চাইদুল আলীক বিচাৰি জালুকবাৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে









