অসম

উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন, নিজৰ পিষ্টলেৰে গুলীয়ালে মূৰত…

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন।

নিশা ১১.৩০ মান বজাত তিনিচুকীয়া জিলাৰ মাকুমৰ নিজ বাসগৃহত নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় সাংবাদিকগৰাকীয়ে।

এই ঘটনাই সচকিত কৰি তুলিছে তিনিচুকীয়াৰ লগতে ৰাজ্যৰ সংবাদ মহলক৷

বিকাশ মৰাণে ব্যৱহাৰ কৰা পিষ্টলটো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে৷

আনহাতে জেষ্ঠ সাংবাদিক গৰাকীৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

মৃত্যুৰ সময়ত মাতৃ , পত্নী সহ দুই কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান এৰি থৈ গৈছে জেষ্ঠ সাংবাদিকগৰাকীয়ে ।

কি কাৰণত সাংবাদিক গৰাকীয়ে এনেদৰে আত্মহত্যাৰ দৰে পথ বাচি ললে এইমূহুৰ্তলৈকে জানিব পৰা নাই।

ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *