ৰাষ্ট্ৰীয়অসমীয়া

অভিনেতা চনু সুদৰ ভগ্নী মালবিকাৰ কংগ্ৰেছত যোগদান

পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে ৰাজনীতিৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে পঞ্জাৱত। তাৰ সমান্তৰালভাৱে দল বদলিৰ ৰাজনীতিও ক্ৰমাৎ তীব্রতৰ হৈ পৰিছে।

শেহতীয়াকৈ ৰাজ্যখনৰ বৰ্তমানৰ শাসকীয় দল কংগ্ৰেছত যোগদান কৰি সমাগত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অভিনেতা চনু সুদৰ ভগ্নী মালবিকা সুদেও।

FIv-BMz-SVIAAv-S8m

উল্লেখ্য যে, পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধু অভিনেতা চনু সুদৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে সোমবাৰে কংগ্ৰেছত যোগদান কৰে মালবিকা সুদে।

আনহাতে, আন এক খবৰ অনুসৰি, ভাৰতৰ নিৰ্বাচন আয়োগে অভিনেতা চনু সুদক পঞ্জাৱৰ “ৰাজ্যিক আইকন” হিচাপে নিযুক্তি প্ৰত্যাহাৰ কৰিছে।

G4

ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া এছ কৰুণা ৰাজুৱে শুকুৰবাৰে কয় যে বলীউড তাৰকা গৰাকীয়ে স্বেচ্ছাই “ৰাজ্যিক আইকন”ৰ পৰা তেওঁৰ নিযুক্তি প্ৰত্যাহাৰ কৰিব বিচাৰিছিল।

ইয়াৰ কাৰণ আছিল অভিনেতাগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে চলোৱা প্ৰস্তুতি।

প্ৰণিধানযোগ্য যে, লকডাউনৰ সময়ত লাখ লাখ ভাৰতীয়ৰ নয়নৰ মণি হৈ পৰা অভিনেতা চনু সুদক এবছৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগে পঞ্জাৱৰ “আইকন” হিচাপে নিযুক্তি দিছিল।

পঞ্জাৱৰ মুখ্য নিৰ্বাচনী বিষয়া এছ কৰুণা ৰাজুৱে এক চৰকাৰী বিবৃতিত কয় যে ভাৰতৰ নিৰ্বাচন আয়োগে ৪ জানুৱাৰীত পঞ্জাৱৰ “ৰাজ্যিক আইকন” হিচাপে সুদৰ নিযুক্তি প্ৰত্যাহাৰ কৰে।

ইফালে অভিনেতাগৰীয়ে যোৱা নৱেম্বৰতে তেওঁৰ ভগ্নীয়ে সক্ৰিয় ৰাজনীতিত ভৰি দিয়াৰ বিষয়ে ঘোষণা কৰিছিল। আনহাতে কিছুদিন পূৰ্বে তেওঁ নিজেও সক্ৰিয় ৰাজনীতিত খোজ দিয়াৰ সিদ্ধান্ত সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *