নৱবৰ্ষৰ প্ৰথমটো দিনতে এটা ভল খবৰ, ১০০ টকাৰো অধিক হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য…

নতুন বছৰৰ প্ৰথমটো দিনতে এক ভল খবৰ।

হ্ৰাস হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

১০২.৫০ টকা হ্ৰাস কৰা হৈছে ৰন্ধন গেছৰৰ চিলিণ্ডাৰৰ মূল্য।

বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত এই মূল্য হ্ৰাস কৰিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে।

অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিবৰ্তন নহয়।

ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা এক বিবৃতিত প্ৰকাশ কৰিছে য, ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা হ্ৰাস কৰা হৈছে।

১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত এই মূল্য হ্ৰাস কৰা হৈছে।

উল্লেখ্য যে ডিচেম্বৰত এই চিলিণ্ডাৰৰ মূল্য ১০০ টকা বৃদ্ধি হৈছিল।

Leave a Comment