অসম

ৰিপুন বৰাক তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন…

ৰিপুন বৰাক তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন।

তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে শনিবাৰে নিযুক্তি প্ৰদান কৰে ৰিপুন বৰাক।

তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ নিযুক্তি প্ৰদান কৰা হয় বৰাক।

উল্লেখ্য যে, ১৭ এপ্ৰিলত কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিছিল ৰিপুন বৰাই।

ৰিপুন বৰাৰ কংগ্ৰেছ ত্যাগৰ পিছতে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

Image

একাংশ নেতাই কংগ্ৰেছ দল ত্যাগ কৰাৰ বাবে ৰিপুন বৰাক লুভীয়া মানুহ বুলি সমালোচনাও কৰিছিল।

উল্লেখ্য যে, যোৱা দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ অভিযোগ তুলি কলকাতাত তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিছে বৰাই। 

Leave a Reply

Your email address will not be published. Required fields are marked *