অসম

ৰাষ্ট্ৰপতিৰ কাজিৰঙা যাত্ৰাৰ মাজতে অঘটন! মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত এজনৰ মৃত্যু…

ৰাষ্ট্ৰপতিৰ কাজিৰঙা যাত্ৰাৰ মাজতে অঘটন।

বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ সন্মুখত অঘটন।

ৰাষ্ট্ৰপতিৰ বিশাল কনভয়ৰ সৈতে যােৱা অসম চৰকাৰৰ মন্ত্ৰীৰ গাড়ীৰ খুন্দাত মৃত্যু এজন লোকৰ।

মৃত লোকজনৰ নাম ৰামেশ্বৰ ৰবিদাস ওৰফে ভায়া ৰবিদাস।

গোলাঘাট জিলাৰ বোকাখাতত সংঘটিত হৈছে এই ঘটনা।

কাজিৰঙালৈ বুলি গৈ আছিল ৰাষ্ট্ৰপতি। সেই সময়তেই ৰাষ্ট্ৰপতিৰ সৈতে যোৱা কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহনে মহতিয়াই নিয়ে লোক গৰাকীক।

উল্লেখ্য যে, ইতিমধ্যে কাজিৰঙাত উপস্থিত হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

কাজিৰঙাবাসীৰ উষ্ম আদৰণি ৰাষ্ট্ৰপতি গৰাকীক।

অতিথিশালাত কিছু সময় জিৰণি লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

লগতে চাওকঃ

প্ৰশিক্ষণৰ সময়তে ভূপতিত বিমান, মহিলা পাইলটৰ মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *