ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ! এতিয়াৰে পৰা ঘৰতেই বহি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ…

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ!

এতিয়াৰে পৰা ঘৰতেই বহি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ।

পৰিবহন বিভাগে উন্মোচন কৰিলে অনলাইন ড্ৰাইভিং লাইচেঞ্চ সেৱা।

পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেৱা মুকলি কৰিলে পৰিবহণ বিভাগে।

এতিয়া ঘৰত বহিয়ে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ নবীকৰণ। লাভ কৰিব ডুপ্লিকেট লাইচেঞ্চো। ২৪ ঘণ্টাৰ ভিতৰত নবীকৰণ লাইচেঞ্চ লাভ কৰিব।

Capture 76

বৃহস্পতিবাৰে খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই অনলাইন ড্ৰাইভিং লাইচেঞ্চৰ নবীকৰণ আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ প্ৰাপ্তি সেৱা।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, এই সেৱাই সকলোকে উপকৃত কৰিব। আনহাতে অনলাইন লাৰ্নাৰ লাইচেঞ্চৰ সেৱা মুকলি কৰাৰ পিছতে বিগত ২ মাহত প্ৰায় ১ লাখ ৩৫ হাজাৰ লাৰ্নাৰ লইচেঞ্চ মুকলি কৰি দিছে।

লগতে কয়, বাহনৰ ঠিকনা পৰিৱৰ্তন অনলাইন যোগে হ’ব। ডিলাৰসমূহে প্ৰদান কৰিব বাহনৰ পঞ্জীয়ন পত্ৰ। জিলা পৰিবহণ কাৰ্যালয়ত আহিব নালাগে কোনো লোক।

Leave a Comment