অসম

ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ শিল্পী পেঞ্চন আৰু ১৫০ গৰাকী শিল্পীক বাৰ্ষিক শিল্পী সন্মান প্ৰদানৰ ঘোষণা অসম চৰকাৰৰ…

ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ শিল্পী পেঞ্চন আৰু ১৫০ গৰাকী শিল্পীক বাৰ্ষিক শিল্পী সন্মান প্ৰদানৰ ঘোষণা অসম চৰকাৰৰ

ৰাজ্যৰ কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ৫০ গৰাকী শিল্পীলৈ শিল্পী পেঞ্চন আৰু ১৫০ গৰাকী শিল্পীক বাৰ্ষিক শিল্পী সন্মান প্ৰদানৰ ঘোষণা কৰিছে অসম চৰকাৰে।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰা অনুসৰি, শিল্পী পেঞ্চন লাভ কৰা শিল্পী সকলক প্ৰতিমাহে ৮ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হব।

আনহাতে বাৰ্ষিক শিল্পী সন্মানৰ বাবে মনোনীত হোৱা ১৫০ গৰাকী শিল্পী আৰু ১৮ গৰাকী প্ৰয়াত শিল্পীৰ পত্নীক ৫০ হাজাৰ টকাৰ এককালীন বিত্তীয় অনুদান আগবঢ়োৱা হব।

ইফালে সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰা মতে, ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে প্ৰদান কৰি অহা শিল্পী বঁটা এইবাৰ ডঃ অপৰ্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক প্ৰদান কৰা হব।

তদুপৰি ২০২১ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, নটসূর্য ফণী শৰ্মা বঁটা আৰু বিষ্ণু ৰাভা বঁটাও সোমবাৰে অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত প্ৰদান কৰা হব বুলি ঘোষণা কৰে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কেশৱ মহন্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *