অসম

ৰাজ্যৰ শিক্ষা বিভাগৰ ২৩ হাজাৰ পদৰ বাবে ৯ ছেপ্তম্বৰত প্ৰকাশ পাব বিজ্ঞাপন…

ৰাজ্যৰ নিবনুৱাৰ বাবে সুখবৰ।

ৰাজ্যৰ শিক্ষা বিভাগৰ ২৩ হাজাৰ পদৰ বাবে ৯ ছেপ্তম্বৰত প্ৰকাশ পাব বিজ্ঞাপন।

শিক্ষক দিৱসৰ দিনাই এই আনুষ্ঠানিক ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

ৰাজ্যৰ শিক্ষা বিভাগত বহু পদ খালী হৈ থকাৰ কথা উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে।

খালী পদ পূৰণৰ বাবে বহু প্ৰতিবন্ধকতাও আছে বুলি উল্লেখ মন্ত্ৰী পেগুৰ।

আনহাতে শিক্ষাখণ্ডৰ আন্তঃগাঁথনিৰ সমস্যা দূৰ কৰিবৰ বাবে ৰিজাৰ্ভ বেংকৰ গাইড লাইন অনুসৰি নাবাৰ্ডৰ পৰা ঋণ লোৱা হৈছে বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ২০৯ বিদ্যালয়লৈ ৩ কোটি টকাকৈ আন্তঃগাঠনি উন্নতিৰ বাবে আৱণ্টন দিয়া হব। ২৫০০ খন বিদ্যালয়লৈ ৫০ লাখকৈ টকা আন্তঃগাঁঠনিৰ বাবে দিয়া হব৷

গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানৰ উন্নয়নৰ বাবে এটা পুঁজি আৱণ্টন দিয়াৰ মতপোষণ মন্ত্ৰীগৰাকীৰ।

উচ্চ শিক্ষাৰ সংস্কাৰৰ বাবেও চৰকাৰে পদক্ষেপ লৈ আছে।

শিক্ষাৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি ব্যৱহাৰৰ চিন্তাও কৰা হৈছে।

স্মাৰ্ট ক্লাছৰ কোঠা নিৰ্মাণ কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। প্ৰতিখন শিক্ষা প্ৰতিস্থানত স্মাৰ্ট ক্লাছৰ কোঠা নিৰ্মাণ কৰি তথ্য প্ৰযুক্তিৰে শিক্ষা প্ৰদান কৰা বুলি মতপোষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *