ৰাজ্যৰ ধুমুহা-বৰষুণত ক্ষতিগ্ৰস্তলৈ সাহায্য ঘোষণা চৰকাৰৰ, নিহত লোকৰ পৰিয়াল পাব ৪ লাখকৈ টকা…

ৰাজ্যত শেহতীয়াভাৱে সঘনাই হোৱা ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে সাধাৰণ জনতাৰ।

সেয়েহে ধুমুহা-বৰষুণত ক্ষতিগ্ৰস্ত হোৱা লোক সকললৈ সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে।

ধুমুহাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালেও লাভ কৰিব চৰকাৰী সাহায্য।

প্ৰতিগৰাকীৰ মৃতকৰ পৰিয়ালক ৪ লাখকৈ টকা সাহায্য দিয়াৰ কথা সদৰি অসম চৰকাৰৰ।

সোমবাৰ পৰ্যন্ত প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ৰাজ্যত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কেৱল মৃত্যু মুখতেই পৰা নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ ফলত ঘৰ দুৱাৰ আদিৰো বিস্তৰ ক্ষতিসাধন হৈছে।

সেই অনুসৰি কেঁচা ঘৰ বিনষ্ট হোৱা পৰিয়ালে লাভ কৰিব ৯৫ হাজাৰ টকা আৰু সম্পূৰ্ণ ঘৰ দূৱাৰ বিনষ্ট হোৱা পৰিয়ালে লাভ কৰিব ১ লাখ ১০০০ টকা।

তেনেদৰে ধুমুহাত বিধ্বস্ত হোৱা বিদ্যালয়ে লাভ কৰিব ১ লাখ ৫০ হাজাৰ টকা।

সোমবাৰে এই সদৰি কৰে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মোহনে।

Leave a Comment