ৰাজ্যৰ চৰাঞ্চলত বেদখলকাৰীৰ দপদপনি, হাতত চোকা অস্ত্ৰ লৈ বেদখলীকৃত ভূমিত টহল…

ৰাজ্যৰ চৰে চৰে বেদখলকাৰী৷ চৰাঞ্চলত যেনিয়ে-তেনিয়ে ভূমি বেদখল কৰিছে অচিনাক্ত বেদখলকাৰীয়ে৷

বঞ্চিত হৈছে মাটিৰ প্ৰকৃত পট্টাদাৰ৷

ছয়গাঁও সমষ্টিৰ ডেক্ৰাডিয়া চৰতো দেখা গৈছে বেদখলকাৰী।

এই চৰত বেদখলকাৰীয়ে হাতে হাতে চোকা অস্ত্ৰ লৈ দিয়ে টহলো।

জানিব পৰা মতে, ভূমিৰ প্ৰকৃত পট্টাদাৰ চৰত গলেই অস্ত্ৰ লৈ খেদি আহে ভূমি বেদখলকাৰীসকলে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাঞ্চলৰ মাটি বেদখলমুক্ত কৰাৰ হুংকাৰ প্ৰদানৰ পিছতো চৰৰ ভূমি বেদখল কৰাত উঠি পৰি লাগিছে এনে বেদখলকাৰীয়ে৷ 

সুদূৰ ছিপাঝাৰ সমষ্টিৰ পৰা কামৰূপৰ ছয়গাঁও সমষ্টিৰ বাতাহিদিয়া চৰাঞ্চলত আহি মাটি বেদখল কৰি ঘৰ সাজিছে এইসকল বেদখলকাৰীয়ে৷

মাটিৰ পট্টাদাৰসকলে স্থানীয় গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চৰাঞ্চলত থিতাপি লোৱা বেদখলকাৰীৰ পৰা দখলমুক্ত কৰাৰ বাবে বাৰম্বাৰ লিখিত অভিযোগ দাখিল কৰিছে যদিও কোনোধৰণৰ ব্যৱস্থা লোৱা নাই৷

ফলত দিনকদিনে বৃদ্ধি পাই আহিছে বেদখলকাৰীৰ সংখ্যা ৷

কিছুদিন বেদখলকাৰীয়ে এনে সুবিধা পালে ছয়গাঁৱৰ চৰাঞ্চল সম্পূৰ্ণ বেদখল হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত আৰু প্ৰকৃত পট্টাদাৰ বঞ্চিত হোৱাটোও নিশ্চিত হৈ পৰিছে৷ 

অতি সোনকালেই কামৰূপ জিলা প্ৰশাসনৰ হস্তক্ষেপত ছয়গাঁৱৰ বাতাহিদিয়া চৰাঞ্চল বেদখলমুক্ত কৰাৰ বাবে আবেদন জনাইছে চৰাঞ্চলত থকা মাটিৰ পট্টাদাৰসকলে ৷

Leave a Comment