ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ মুখ্যমন্ত্ৰীৰ, ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত…

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ।

দীপাৱলীৰ বতৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৪ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব।

লগতে চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব।

টুইটযোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

টুইটাৰত তেওঁ লিখিছে- ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ চাকিৰ পোহৰত উদ্ভাসিত হওক জীৱনৰ ৰং, ঘৰে ঘৰে বিয়পি পৰক আনন্দ আৰু উৎসাহৰ বতৰা।