অসম

ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰাক ভোট দিবনে অখিল গগৈয়ে..?

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

ইয়াৰ পূৰ্বে শনিবাৰে দুপৰীয়া কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ সৈতে বৈঠকত মিলিত হয় শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ।

ৰাজ্যসভাৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰা ডাঙৰীয়াই সমৰ্থক হিচাপে স্বাক্ষৰ গ্ৰহণ কৰিবলৈ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ নিজৰাপাৰস্থিত বাসগৃহত উপস্থিত হয়।

বৈঠকতে অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে যে, ৰাইজৰ দলৰ একমাত্ৰ ভোটটো লাভ কৰিব ৰিপুণ বৰাই।

ভোট দিয়াই নহয়, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছৰ ৰিপুণ বৰাৰ মনোনয়ন পত্ৰত সমৰ্থক হিচাপে চহীও কৰে অখিল গগৈয়ে।

সোমবাৰে বিৰোধী প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই মনোনোয়ন পত্ৰ দাখিল কৰিব।

উল্লেখ্য যে, ৰিপুণ বৰাই বিৰোধী চাৰিটা দল ক্ৰমে জাতীয় কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই এমৰ মুঠ ৪৪ গৰাকী বিধায়ককে সাক্ষাৎ কৰি নিজৰ সপক্ষে ভোট বিচাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *