ৰাজ্যত পুনৰ গুলীচালনাৰ ঘটনা! দুৰ্বৃত্তৰ গুলীত আহত ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তী…

ৰাজ্যত পুনৰ গুলীচালনাৰ ঘটনা

দুৰ্বৃত্তৰ গুলীত এইবাৰ আহত এগৰাকী ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।

লামডিঙৰ শিমলুতলাত নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা।

গুলীবিদ্ধ লোকজনৰ নাম তৰুণ চক্ৰৱৰ্তী। মূৰত আৰু ডিঙিত গুলী লাগে লোকজনৰ।

গুলীচালনা কৰি পলায়ন কৰে স্কুটীত অহা দুই দুৰ্বৃত্তই।

নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় তৰুণ চক্ৰৱৰ্তীক।

ঘটনাস্থলীত বিধায়ক, আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ।

ইপিনে গুলীচালনাত জড়িতৰ সন্দেহত আটক কৰা হৈছে দুজন লোকক।