অসম

ৰাজ্যত পুনৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৃষি বিভাগৰ দুই বিষয়া…

পুনৰ আৰক্ষীৰ জালত পৰিল দুই ঘোচখোৰ চৰকাৰী বিষয়া।

হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কোকৰাঝাৰ কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তাসহ এগৰাকী জ্যেষ্ঠ সহায়ক।

অভিযুক্ত বিষয়া কেইগৰাকী ক্ৰমে কোকৰাঝাৰস্থিত কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা নীলকণ্ঠ কলিতা আৰু তেওঁৰ সতীৰ্থ তথা জ্যেষ্ঠ সহায়ক সুদীপ দেৱ।

দুই অভিযন্তাই ট্ৰেক্টৰৰ হিতাধিকাৰীৰ পৰা ঘোচ লোৱাৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত।

অভিযোগ অনুসৰি কৃষি বিভাগৰ বিভিন্ন আঁচনি দিয়াৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লৈ আহিছিল দুয়োগৰাকী বিষয়াই।

উৎকোচ লোৱাৰ এক ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হোৱাৰ পাছতে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে তদন্তৰ নিৰ্দেশ দিছিল।

ইয়াৰ পাছতে বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে চৰকাৰী বিষয়া দুজনক গ্ৰেপ্তাৰ কৰে।

দুয়োগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে দুয়োগৰাকীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *