ৰাজ্যত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত নকৰিবলৈ আহ্বান আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ…

শেহতীয়াভাৱে ৰাজ্যত অনুষ্ঠিত হ’ল ৫ টা সমষ্টিত উপ নিৰ্বাচন।

উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে বিপুল জয় সাব্যস্ত কৰাৰ পিছতে ৰাজ্যক পুনৰ চৰ্চা লাভ কৰিছে উপ নিৰ্বাচনে।

ৰাজ্যত পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা শুনিবলৈ পোৱা গৈছে একাংশ নেতা মন্ত্ৰীৰ মুখত।

কিন্তু ৰাজ্যত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাইছে আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

কলিয়াবৰ আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে।

তেওঁ কয়- যিমানেই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব সিমানেই কৰৰ বোজা বাঢ়ি যাব, ঋণৰ বোজা জনসাধাৰণ আৰু কৰদাতাসকলৰ ওপৰত পৰে। সেয়ে উপ-নিৰ্বাচনৰ পৰা সকলোৱে আঁতৰি থকাই ভাল’।

উপ-নিৰ্বাচন অনুষ্ঠিত কৰি অবাবত ৰাজহুৱা ধন শৰাধ নকৰিবৰ বাবেও ৰাজ্য চৰকাৰক আহ্বান জনাই শংকৰজ্যোতি বৰুৱাই।

Leave a Comment