ৰাজকন্যা কাণ্ডঃ হোটেল তাজ ভিভাণ্টালৈ জাননী দিছপুৰ আৰক্ষীৰ…

হোটেল তাজ ভিভাণ্টালৈ জাননী দিছপুৰ আৰক্ষীৰ।

১ অক্টোবৰৰ নিশাৰ চিচিটিভি ফুটেজ জমা দিব লাগিব আৰক্ষীক।

১ অক্টোবৰৰ নিশা নৈশ পাৰ্টিত কোন কোন আছিল আৰু কিহৰ পাৰ্টি চলিছিল সকলো বিচাৰি আৰক্ষীৰ জাননী।

জানিব পৰা মতে, অসমৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ সন্তানৰ জন্মদিনৰ ইভেণ্ট আয়োজনৰ দায়িত্বত আছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা।

ভিভাণ্টাত আয়োজন কৰা এই পাৰ্টি অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিশা ৯ বজালৈকে অনুমতি দিছিল।

কিন্তু ৰাতি ১০ বজাৰ পাছলৈকেও চলিছিল মূল পাৰ্টি।

তাৰ পাছতেই অভ্যাগতক আপ্যায়ন কৰা হৈছিল সুৰাৰে।সেই সুৰা সেৱন কৰিয়েই ৰুক্মীণিগাঁৱত ৰাজকন্যা বৰুৱাই সংঘটিত কৰিছিল দুৰ্ঘটনা।

Leave a Comment