অসম

ৰাইজৰ দলত পদত্যাগৰ ঢৌ! দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ…

ৰাইজৰ দলত পদত্যাগৰ ঢৌ।

এইবাৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ।

দলত্যাগৰ কাৰণ পদত্যাগ পত্ৰত উল্লেখ কৰা নাই যদিও সভাপতিৰে হোৱা মনোমানিল্যৰ ফলতেই এই সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে।

ৰাইজৰ দলৰ প্ৰাক্তন নেতা অনুপ শইকীয়াৰ পৃষ্ঠপোষকতাতে অখিল গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ডেকাই।

image 5

ইয়াৰ পাছতে নতুন দিল্লীলৈ উৰা মাৰিছে জিতুল ডেকাই।

দিল্লীত আম আদমী পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা আছে অখিল গগৈৰ সতীৰ্থ জিতুল ডেকাৰ।

কিয়নো ৰাইজৰ দল’ৰ সদ্য পদত্যাগী নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত দলটোৰ কেন্দ্ৰীয় কমিটিৰ কেইবাগৰাকীও নেতাই আজি ‘আম আদমী পাৰ্টি’ (আপ)ত যোগদান কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *