অসমঅসমীয়া

ৰাইজে মােক আশীৰ্বাদ কৰি যাব! কাৰাগাৰৰ পৰা মুক্ত হৈ ক’লে ভিক্টৰ দাসে…

নিউজ ডেস্ক। এসপ্তাহৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিল শিক্ষক ভিক্টৰ দাস।

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামৰ মধ্যভােগী চক্ৰ সক্ৰিয় হৈ থকা বুলি টুইটাৰৰ জৰিয়তে অভিযােগ দি গ্ৰেপ্তাৰ হােৱা ভিক্টৰ দাসক শুকুৰবাৰে জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

G4 3

ইয়াৰ পিছতে শনিবাৰে আদালতত হাজিৰ হােৱাৰ পিছতে মুকলি আকাশৰ তললৈ আহে ভিক্টৰ দাস।

মুকলি হােৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ভিক্টৰ দাসে কয়, ‘ৰাইজে মােক আশীৰ্বাদ কৰি যাব, যাতে মই অসমৰ ৰাইজৰ বাবে ভাল কাম কৰি যাব পাৰাে।’

তেওঁ সমগ্ৰ অসমবাসী ৰাইজৰ লগতে সংবাদ মাধ্যমৰ ওচৰতাে কৃতজ্ঞতা জ্ঞাপন কৰে।

One thought on “ৰাইজে মােক আশীৰ্বাদ কৰি যাব! কাৰাগাৰৰ পৰা মুক্ত হৈ ক’লে ভিক্টৰ দাসে…”

Comments are closed.