অসম

ৰহাৰ বিধায়ক শশীকান্ত দাসক আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা নিলম্বন…

অনুশাসন ভংগ তথা দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৰহাৰ বিধায়ক শশীকান্ত দাসক দলৰ পৰা নিলম্বন।

বছৰটোৰ শেষ দিনটোতে বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হয়।

শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰহাৰ বিধায়ক শশীকান্ত দাসক আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰে।

অনুশাসন ভংগ তথা দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৰহাৰ বিধায়ক দাসক নিলম্বন কৰা বুলি জানিবলৈ দিয়ে অসম কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই।

WhatsApp Image 2021 12 31 at 6.28.58 PM 757x1024 1

উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি মুকলি সমৰ্থন জনোৱাৰ পিছতে বিধায়ক শশীকান্ত দাসলৈ প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।

তেওঁ জাননীৰ উত্তৰ দিছিল যদিও কংগ্ৰেছ দলৰ নেতৃত্ব সন্তুষ্ট হোৱা নাছিল।

ইয়াৰ পাছত তেওঁক কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকলৈ কৈফিয়ৎ তলবৰ বাবে আমন্ত্রণ জনোৱা হৈছিল যদিও তেওঁ উপস্থিত নাছিল।

অৱশেষত শুকুৰবাৰে তেওঁক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *