ৰহস্যজনক! বিদ্যালয়ত পুত্ৰক থবলৈ গৈ পুত্ৰসহ সন্ধানহীন এগৰাকী মহিলা, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।

বিদ্যালয়ত পুত্ৰক থবলৈ গৈ পুত্ৰসহ সন্ধানহীন এগৰাকী মহিলা

তেজপুৰ মৰাভৰলী বালিচাপৰিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

সন্ধানহীন দুই মাতৃ-পুত্ৰ মৰাভৰলী বালিচাপৰিৰ বাসন্তি দাস আৰু পুত্ৰ সঞ্জু দাস বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, যোৱা ১৭ অক্টোবৰৰ দিনা মাতৃ বাসন্তি দাসে তেঁওৰ পুত্ৰ সঞ্জুক চিলভাৰ জুবলি বিদ্যালয়ত থবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে।

সন্ধনাহীন দুই মাতৃ-পুত্ৰৰ পৰিয়ালে বহুতো বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ লাভ নকৰি তেজপুৰ সদৰ থানাত ঘটনা সন্দৰ্ভত বাসন্তি দাসৰ স্বামী সঞ্জয় দাসে এখন এজাহাৰ দাখিল কৰিছে।

অৱশ্যে আৰক্ষীয়ে সন্ধানহীন মাতৃ-পুত্ৰৰ কোনো ধৰণৰ শুংসূত্ৰ উলিবলৈ সক্ষম হোৱা নাই।