ৰহস্যজনক! প্ৰেমিকাৰ খুৰাকৰ ঘৰৰ পিছফালে উদ্ধাৰ প্ৰেমিকৰ মৃতদেহ…

এক ৰহস্যজনক ঘটনা।

প্ৰেমিকাৰ খুৰাকৰ ঘৰৰ পিছফালে উদ্ধাৰ প্ৰেমিকৰ মৃতদেহ।

হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷

মোৰাঝাৰৰ দীঘলজাৰ গাঁৱৰ ছায়দুল ইছলাম নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়, ছায়দুলৰ প্ৰেমিকাৰ খুৰকৰ ঘৰৰ পাছফালৰ পুখুৰী পাৰত৷

মৃত ছায়দুল বিগত মাহৰ ২৭ জুন সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷

ইপিনে ছায়ুদলৰ পৰিয়ালে এইয়া এক পৰিকল্পিত হত্যকাণ্ড বুলি অভিযোগ তুলিছে।

প্ৰেমিকাৰ পৰিয়ালে ছায়দুলক হত্যা কৰি পুখুৰী পাৰত গাত খান্দি পুতি থোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

ছায়দুলৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি যোৱা সোমবাৰে নিশা ছায়দুলক ফোন যোগে বৰহাওঁৰ ঘৰলৈ মাতি পঠাইছিল প্ৰমিকাই ৷

সেই ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰাই সন্ধানহীন হৈ পৰে ছায়দুল৷

ছায়দুল সন্ধানহীন হোৱাৰ পাছত পৰিয়ালৰ লোকে দেৱস্থান উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷

সম্প্ৰতি ছায়দুলৰ প্ৰেমিকাৰ খুৰিয়েক আৰু ভিনিয়েক ফাৰুক আহমেদক আটক কৰি সোধপোচ অৱ্যাহত ৰাখিছে আৰক্ষীয়ে৷