ৰহস্যজনক! কেইবাদিন ধৰি সন্ধানহীন বোৱাৰী বিউটি, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।

কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী।

বটদ্ৰৱাৰ বাটমাৰিত সংঘটিত হৈছে মহিলা নিৰুদ্দেশৰ ঘটনা।

পাঁচদিনে সন্ধানহীন হৈ বাটমাৰিৰ বোৱাৰীগৰাকী।

সন্ধানহীন মহিলাগৰাকী স্থানীয় আব্দুল কাদিৰৰ পুত্ৰ আবু চামাৰৰ পত্নী বিউতি বেগম বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, ২২ নৱেম্বৰৰ তাৰিখে সন্ধিয়া ৮মান বজাত ঘৰৰ পৰা নিৰুদ্দেশ হয় বিউতি বেগম নামৰ মহিলাগৰাকী।

পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত বটদ্ৰৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

কোনো লোকে মহিলাগৰাকী সন্ধান পালে 60026-58521, 60023-01192 নম্বৰ অথবা ওচৰৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।