বৰাক উপত্যকাত অসমীয়া ভাষাৰ ফলকত ক’লা ৰং সানি দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই এইবাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ওলমিল বঙালী ভাষাৰ বেনাৰ-পোষ্টাৰ।
ৰঙিয়াৰ ব্যাৱসায়িক প্ৰতিষ্ঠান বজাৰ ইণ্ডিয়াই বঙালী ভাষা ব্যাৱহাৰ কৰি হৰ্ডিং লগোৱাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে বহু লোক।
জাৰ ইণ্ডিয়াই বঙালী ভাষা ব্যাৱহাৰ কৰি হৰ্ডিং লগোৱাক কেন্দ্ৰ কৰি ৰঙিয়াত স্থানীয় লোক সকলে তীব্ৰ অসন্তোষ প্ৰকাশ কৰে।
স্থানীয় লোকৰ অসন্তোষৰ পাছতে ৰঙিয়া বাজাৰ ইণ্ডিয়া কৰ্তৃপক্ষই স্থানীয় ৰাইজৰ ওচৰত ক্ষমা মাৰ্জনা বিচাৰে।
স্থানীয় ৰাইজে বাজাৰ ইণ্ডিয়াত বঙালী ভাষা ব্যাৱহাৰ কৰি হৰ্ডিং লগোৱা দেখাৰ পাছতে অভিযোগ উত্থাপন কৰে।
অৱশেষত ৰাইজৰ অভিযোগৰ ভিত্তিতে বাজাৰ ইণ্ডিয়া কৰ্তৃপক্ষই বঙালী ভাষাৰ হৰ্ডিং আঁতৰ কৰি ৰাইজৰ ওচৰত ক্ষমা বিচাৰে।









