অসম

৮৫৫ জন শ্বহীদৰ তেজেৰে খেলা কংগ্ৰেছক ভোট নিদিয়ে অখিল গগৈয়েঃ পবিত্ৰ মাৰ্ঘেৰিটা

মাজত আৰু কিছু সময়। তাৰ পিছতে অন্ত পৰিব ৰাজ্যসভা নিৰ্বাচনক লৈ সকলো জল্পনা-কল্পনাৰ। ইতিমধ্যে সম্পন্ন হৈছে ভোটদান পৰ্ব।

বিধানসভাৰ ১২৬ গৰাকী বিধায়কেই ভোটদান কৰা ৰাজ্যসভাৰ নিৰ্বাচনত কোন বিধায়কে কাক ভোট দিলে তাক লৈ এতিয়াও চৰ্চা অব্যাহত আছে।

বিজেপিয়ে দাবী কৰা মতে, কংগ্ৰেছৰ ৭টা ভোট আছে বিজেপি প্ৰাৰ্থীৰ সপক্ষত। আনফালে শাসকীয় দলটোৰ তিনিগৰাকী বিধায়কৰ ভোট বাতিল কৰিবলৈ পত্ৰ লিখি দাবী জনাইছে কংগ্ৰেছেও।

398

এনে সময়তে বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈৰ ভোটক লৈ মন্তব্য কৰিছে। তেওঁ ৯৯.৯৯ শতাংশই নিশ্চিত জয়লাভ কৰিব বুলিও মন্তব্য কৰিলেও ০.১ শতাংশ এৰি দিছে প্ৰকৃতি আৰু ইশ্বৰৰ ওপৰত।

আনহাতে অখিল গগৈৰ ভোটদান সন্দৰ্ভত মন্তব্য কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে হয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে তেওঁক ভোট দিছে, অন্যথা নিজৰ ভোট কেনচেন কৰিছে।

৮৫৫ জন শ্বহীদৰ কেঁচা তেজেৰে খেলা কংগ্ৰেছৰ সৈতে অখিল গগৈয়ে ৰাজনৈতিক মিত্ৰতা কৰিলেও ভোটদানৰ ক্ষেত্ৰত তেওঁ কেতিয়াও কংগ্ৰেছৰ পক্ষত নাথাকে বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ লগতে কয় যে জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ অখিল গগৈয়ে কেতিয়াও কংগ্ৰেছক ভোটদান নকৰে।

অন্যহাতে চিপিআইএমৰ একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ভোটটোও তেওঁ লাভ কৰিব বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই।

উল্লেখ্য যে, সন্ধিয়া ৫ বজাত ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটগণনা আৰম্ভ হব আৰু ৬ বজাত জয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *