৪ বছৰ পূৰ্বে অসমৰ পৰা সন্ধানহীন মাতৃ- দুই পুত্ৰক বেংগালুৰুত উদ্ধাৰ

নিউজ ডেস্ক। ৪ বছৰ পূৰ্বে ৰহস্যজনকভাৱে সন্ধানহীন হােৱা এগৰাকী মহিলাক আৰু দুই পুত্ৰক বেংগালুৰুত উদ্ধাৰ।

উল্লেখ্য যে ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তর্গত ভেৰগাঁও মহলিয়াপাৰাৰ নিবাসী চাণক্য বড়ো (৩০) নামৰ লােকজনৰ পত্নী সাগৰিকা বড়ো (২৩) চাৰি বছৰ পূৰ্বে ঘৰৰ পৰাই সন্ধানহীন হয়।

এই মহিলাগৰাকীৰ সৈতে নিৰুদ্দেশ হয় দুই পুত্র লক্ষ্য বড়ো (৪) আৰু ৰত্নাকৰ বড়ো (৩)।

তেতিয়াৰ পৰাই পৰিয়ালৰ লােকাে কােনাে শুংসূত্ৰ লাভ কৰা নাছিল সাগৰিকা বড়ােৰ লগতে আৰু দুই পুত্ৰৰ।

G1 4
৪ বছৰ পূৰ্বে অসমৰ পৰা সন্ধানহীন মাতৃ- দুই পুত্ৰক বেংগালুৰুত উদ্ধাৰ 2

এই সন্দৰ্ভত আৰক্ষীৰ কাষ চপাৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচৰ কৰিও বিফল হৈছিল আত্মীয়।

কিন্তু ৪ বছৰৰ মূৰত পৰিয়াল লোকলৈ বেংগালুৰুৰ পৰা অচিনাকি লোকৰ ফোন কল আহে আৰু মাতৃ-পুত্ৰ জীয়াই থকাৰ খবৰ দিয়ে।

এই খবৰ লাভ কৰি আনন্দত আত্মাহাৰা হৈ পৰে চাণক্য বড়াে।

জানিব পৰা মতে, ৪ বছৰ আগতে মাতৃ আৰু দুই পুত্ৰ বেংগালুৰত উপস্থিত হৈ অকলশৰীয়া কৈ কাম বিচাৰি ঘূৰি ফুৰোতে হঠাৎ ৰে’লৱে পুলিচে পাই অস্থায়ীভাৱে আশ্ৰয় গৃহত ৰাখে।

বৰ্তমান মাতৃ আৰু পুত্ৰ নিউ আৰ্ক মিছন অফ ইণ্ডিয়া, দদাগোবি ভিলেজ কে আৰ চি ৰ’ড, বেংগালুৰ-৫৬০০৭৭, টি ৰাজা (অটো ৰাজা)ৰ উক্ত ঠিকনা আছে।

ইতিমধ্যে পৰিয়াললোকে প্ৰশাসনক তথা চাইল্ড লাইন আৰু মহিলা একক আস্থানক বিষয়টি অৱগত কৰোৱা বুলি জানিবলৈ দিয়ে।

এইক্ষেত্ৰত পৰিয়াল লোকে মাতৃ আৰু পুত্ৰক নিজ ৰাজ্যত ওভতাই আনিবলৈ প্ৰশাসন লগতে জিলা আইন সেৱা প্ৰাধিকীৰৰ সহায় বিচাৰিছে।