অসম

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ১৮খনকৈ বিলাসী ধাবা-ৰেষ্টুৰেণ্টত প্ৰশাসনৰ উচ্ছেদ…

তিনিচুকীয়াৰ ১৮খনকৈ বিলাসী ধাবা ৰেষ্টুৰেণ্টত উচ্ছেদ অভিযান।

শনিবাৰে তিনিচুকীয়াৰ মাকুমস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়।

image 116

তিনিচুকীয়াৰ মাকুমস্থিত অবৈধভাৱে গঢ়লৈ উঠা ধাবা সমূহে দীৰ্ঘদিনে অবৈধভাৱে বিক্ৰী কৰি আহিছিল সুৰা।

কিছুদিন পূৰ্বে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা এই ধাবা-ৰেষ্টুৰেণ্টৰ পৰা জব্দ কৰা হৈছিল বৃহৎ পৰিমাণৰ দামী দামী সুৰা।

image 117

উক্ত ধাবাসূহৰ বিপৰীতে দাঁতি-কাষৰীয়া দোকানসমূহটো চলিল এই অভিযান।

জটিল পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে প্ৰশাসনে উচ্ছেদস্থলীত নিয়োগ কৰিছে বৃহৎ আৰক্ষী বাহনী আৰু চিআৰপিএফৰ দল।

অনাগত দিনত জিলা প্ৰশাসনৰ অবৈধ ধাবাসমূহত অভিযান চলি থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।