৩১ মাৰ্চত সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ’ব ‘ছাত্ৰ দিৱস’ হিচাপেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক উপলক্ষে মঙলবাৰে মিন দিছপুৰত পৰিণত হৈছে কোকৰাঝাৰ।

সোমবাৰে সন্ধিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোকৰাঝাৰত উপস্থিত হয় কেইবাগৰাকীও মন্ত্ৰী।

মঙলবাৰে কোকৰাঝাৰ দোতমাৰ থুলুংগাপুৰীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

image 38
৩১ মাৰ্চত সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ’ব ‘ছাত্ৰ দিৱস’ হিচাপেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা... 4

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বডোফাৰ সমাধিস্থলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰে বিশেষ ঘোষণা।

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন উপলক্ষে ৩১ মাৰ্চৰ দিনটো ৰাজ্যত ‘ছাত্ৰ দিৱস’ হিচাপে পালন কৰা হ’ব।

image 39
৩১ মাৰ্চত সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ’ব ‘ছাত্ৰ দিৱস’ হিচাপেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা... 5

লগতে, সমাধিস্থল আটকধুনীয়াকৈ সজোৱাৰ বাবে মুঠ দহ কোটি টকা খৰছ কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাক আদৰণি জনাইছে ইউ জি ব্ৰহ্মই।

তেওঁ কয়, ‘মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আদৰণি জনাইছো। কিন্তু জন্মদিনৰ নামত স্কুল বন্ধ হ’ব নালাগে। বডোফাই নিজেও বন্ধৰ বিৰোধিতা কৰিছিল।

image 40
৩১ মাৰ্চত সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ’ব ‘ছাত্ৰ দিৱস’ হিচাপেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা... 6

বডোফাৰ সমাধিস্থলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুঠ দহ কোটি টকা ব্যয় কৰিব।

ইয়াৰে ৮ কোটি দিব ৰাজ্য চৰকাৰে আৰু দুই কোটি দিব BTR চৰকাৰে।