৩১নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ২২ বছৰীয়া যুৱকে…

৩১নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা।

কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ২২ বছৰীয়া যুৱকে।

চিৰাঙৰ ঢালিগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

নিহত ২২ বছৰীয়া যুৱকজন বৰতালোৱাৰ বাসিন্দা আব্দুছ ছামাদৰ পুতেক জয়নাল উদ্দিন বুলি চিনাক্ত।

দুৰ্ঘটনাটোত অন্য এজনো গুৰুতৰভাৱে আহত হৈছে।

আহত জন বৰতালোৱাৰ আৰিফুল ইচলাম(১৮)।

পালছাৰ বাইকেৰে গৈ থকাৰ সময়তে চলন্ত বাছে পিছফালৰ পৰা খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

পালছাৰ বাইক খনৰ নম্বৰ AS10M5820.

আহত আৰিফুলক প্ৰথমে কাজলগাঁৱৰ জেএচবিত ভৰ্তি কৰায় যদিও পিছত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওৰ নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

অসম জব্দ লণ্ডন-আমেৰিকাত প্ৰস্তুত কৰা কােটি টকা মূল্যৰ চিগাৰেটসহ দুখন ট্ৰাক, আটক ৪

Leave a Comment