অসমঅসমীয়া

২ অসমীয়াক মৃত্যুদণ্ড বিহা নাই আলফা স্বাধীনে, হত্যাহে কৰিছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ অসমৰ দুই সন্তান সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক আলফা স্বাধীনে অসম আৰক্ষীৰ চোৰাংচোৱাৰ অপৰাধত মৃত্যুদণ্ড বিহাক লৈ ৰাজ্যত এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে। দেওবাৰে এই সন্দৰ্ভত পুুনৰ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মৃত্যুদণ্ড আদালতে দিয়ে, ন্যায়াধীশ দিয়ে। মৃত্যুদণ্ড বিহাৰ পূৰ্বে দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰা হয়। গতিকে এই শব্দটোৰ পৰিভাষা আমি জানিলে মৃত্যুদণ্ড শব্দটো ব্যৱহাৰেই নকৰো।’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে আলফালৈ যোৱা দুজন যুৱকক তাতে নি হত্যাহে কৰা হৈছে।

তেজৰ ফাকুৰে অসমৰ উন্নতি হ’ব নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘আমি বাৰে বাৰে আলফাক অনুৰোধ জনাই আহিছো যে আমি আলোচনালৈ আহিব লাগে আৰু অসমৰ ডেকা ল’ৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে। অসমীয়াই অসমীয়াক মাৰি কেতিয়াও আমাৰ দেশখন আগবঢ়াই নিব নোৱাৰে।’

যিসকল ল’ৰা-ছোৱালীয়ে আজি আলফালৈ গৈছে বা আলফালৈ যাব বিচাৰিছে, তেওঁলোকক এই ঘটনাৰ পৰি শিক্ষা ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে চাওকঃ

অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ ভাৰতীয় সেনাৰ চুবেদাৰ

G1 14

Leave a Reply

Your email address will not be published. Required fields are marked *