অসম

২৮ আৰু ২৯ মাৰ্চত ৰাজ্যজুৰি দুদিনীয়া চকা বন্ধৰ আহ্বান…

২৮ আৰু ২৯ মাৰ্চত ৰাজ্যজুৰি দুদিনীয়া চকা বন্ধৰ আহ্বান।

অসম মটৰ ওৱাৰ্কাৰছ এছ’চিয়েশ্যনে ৰাজ্যজুৰি দুদিনীয়াকৈ এই চকা বন্ধৰ আহ্বান জনাইছে।

বাণিজ্যিক গাড়ীৰ মালিক আৰু শ্ৰমিকসকলক কৰা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই বন্ধৰ আহ্বান জনাইছে সংস্থাটোৱে।

এক বিবৃতিযোগে সংস্থাটোৱে কয় যে, বিগত দুটা বছৰত ক’ভিডসৃষ্ট লকডাউনৰ বাবে আৰ্থিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বাণিজ্যিক বাহনৰ চালক, কনডাক্টৰসকলক ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ।

লগতে উল্লেখ কৰে যে, ‘ৰাজ্য চৰকাৰে আৰোপ কৰা লকডাউনৰ বাবে আমি গাড়ী চলোৱা বন্ধ কৰিছিলো। কিন্তু আমাক কিছু সকাহ দিয়াৰ পৰিৱৰ্তে চৰকাৰে এতিয়া বিভিন্ন জৰিমনা আৰু কৰ আৰোপ কৰি আমাৰ ওপৰত মাধমাৰ শোধাইছে।’

এই চকা বন্ধক অল আছাম কেব অপাৰেটৰছ এছ’চিয়েশ্যনেও সমৰ্থন আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *