২৬ হাজাৰ নিযুক্তিত অনিয়মৰ অভিযোগ তোলা ভিক্টৰ দাসক মাৰাথন জেৰা…

চাকৰি নিযুক্তি পৰীক্ষাৰ নামত অনিয়মৰ অভিযোগ তোলা ভিক্টৰ দাসক জেৰা।

শুকুৰবাৰে আগবেলা পাণবজাৰ থানালৈ তলব কৰিছিল ভিক্টৰক

কিন্তু পাণবজাৰ থানাৰ পৰিৱৰ্তে অন্য স্থানত জেৰা চলাইছে মহানগৰ আৰক্ষীয়ে।

গোপন স্থানত ভিক্টৰ দাসক আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই চলাব জেৰা।

আন স্থানত গোপনে জেৰা চলোৱাক লৈ ৰহস্য।

উল্লেখযোগ্যে যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল দাসে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক উদ্দেশ্যি কৰিছিল টুইট।

৩ ৰ পৰা ৮ লাখ টকা চাকৰিৰ নামত সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰিছিল টুইটত।

কেইবাজনো প্ৰাক্তন বিধায়ক এই কেলংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।