অসম

২৬ আগষ্টলৈকে অসমত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা…

আজিৰে পৰা ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।

বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই কথা।

অসমকে ধৰি উত্তৰ-পূবৰ আন ৰাজ্যসমূহতো হ’ব পাৰে বৰষুণ।

মৌচুমী বায়ুৰ প্ৰভাৱতে বৰষুণ অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞানীসকলে।

এই কেইদিনৰ ভিতৰত বংগোপ সাগৰৰ পৰা উত্তৰ-পূবৰ কাষেৰে পাৰ হৈ যাব মৌচুমী বতাহ। 

২৪ আৰু ২৫ আগষ্টত অতি প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।

২৬ আগষ্টলৈ বৰষুণৰ মাত্ৰা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 

Leave a Reply

Your email address will not be published. Required fields are marked *