২৩ জন সাহিত্যিকলৈ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন, পেঞ্চন প্ৰাপকৰ নাম ঘোষণা শিক্ষামন্ত্ৰীৰ

২৩ জন সাহিত্যিকলৈ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন।

অসম চৰকাৰে ২০২১ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে ৰাজ্যৰ ২৩ জন বিশিষ্ট সাহিত্যিকৰ নাম ঘোষণা কৰে।

অহা ৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাহিত্য অকাডেমী বিজয়ী হোমেন বৰগোহাইনৰ জন্ম জয়ন্তীত পেঞ্চনাৰ সকলক এই সন্মান প্ৰদান কৰা হ’ব।

আজি ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে সাহিত্যিক পেঞ্চনাৰ সকলৰ নাম ঘোষণা কৰে।

মন্ত্ৰী গৰাকীয়ে সংবামেল যোগে ঘোষণা কৰা সাহিত্যিক পেঞ্চনাসকলৰ নাম হৈছে- কাছাৰ জিলাৰ বৰাকৰ সাহিত্যিক জ্যোতিলাল চৌধুৰী,

চৰাইদেউ জিলাৰ লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক ড° অনিল শইকীয়া।

ধেমাজি জিলা পৰা মিচিংভাষাৰ সাহিত্যিক কালিনাথ পাংগিং।

গোৱালপাৰা জিলাৰ গোৱালপাৰা ইতিহাসলেখক আৰু সাহিত্যিক দিলীপ কুমাৰ শৰ্মা।

গোলাঘাট জিলাৰ ২৫ বছৰ ধৰি জননী নামৰ চাহ জনগোষ্ঠীৰ পত্ৰিকাৰ সম্পাদক মাখনলাল বাঢ়ৈ।

যোৰহাট জিলাৰ চাহ জনগোষ্ঠীৰ বিশিষ্ট লেখক মানিকলাল মাহাতো।

কামৰূপ মেট্ৰো জিলাৰ সংস্কৃতি/ থিয়েটাৰৰ গৱেষক লেখক বিনোদ ভাগৱতী।

কামৰূপ মেট্ৰো জিলাত চিনেমাৰ লিখনিৰে ৰাষ্ট্ৰীয় বটাঁ প্ৰাপক উৎপল দত্ত।

কামৰূপ মেট্ৰো জিলাৰ কটন কলেজ খ্যাত ঔপন্যাসিক নবীন কুমাৰ বৰুৱা।

কামৰূপ মেট্ৰো জিলাৰ সংস্কৃত পণ্ডিত / লেখক ৰাজেন্দ্ৰ নাথ শৰ্মা।

কামৰূপ মেট্ৰো জিলাৰ শক্তিশালী গল্পকাৰ দিপাংকৰ ৰঞ্জন কৰ।

কামৰূপ মেট্ৰো জিলাৰ অসমীয়া আৰু বাংলা ভাষাৰ সাহিত্যিক তুষাৰ কান্তি চাহা।

কামৰূপ মেট্ৰো জিলাৰ বিশিষ্ট গল্পকাৰ তপন দাস।

কামৰূপ মেট্ৰো জিলা লেখক গৱেষক নীলমোহন ৰয়।

কামৰূপ মেট্ৰো জিলাৰ জীৱন জোৰা সাধনাৰ বাবে ড° লক্ষ্যহীৰা দাসক।

কাৰ্বি আংলং জিলাৰ বড়ো ভাষা আৰু সাহিত্যিৰ কাণ্ডাৰী বিশ্বেশ্বৰ বসুমতাৰী।

কাৰ্বিআংলং জিলাৰ সাহিত্য একাডেমী বটাঁ প্ৰাপক অৰবিন্দ উজীৰ।

কাৰ্বিআংলং জিলাৰ কাৰ্বি ভাষাৰ লেখক মণ্ডল সিংবে।

কোকোৰাঝাৰ জিলাৰ জীৱনজোৰা সাধনা/ বুৰঞ্জী প্ৰণেতা বানেশ্বৰ বসুমতাৰী।

কোকোৰাঝাৰ জিলাৰ পদ্মশ্ৰী বটাঁ প্ৰাপ্ত/সাহিত্য একাডেমীবটাঁ প্ৰাপ্ত ড° মংগল সিংহ হাজোৱাৰী।

শোনিতপুৰ জিলাৰ আজীৱন সাধনাৰ বাবে ৰঞ্জু হাজৰিকা (কুমুদ চন্দ্ৰ হাজৰিকা)।

ওদালগুৰি জিলাৰ সাহিত্য একাডেমী বটাঁ প্ৰাপ্ত নবীন মল্ল বড়ো।

আৰু বৰপেটা জিলাৰ বৰপেটা বিশিষ্ট লেখক লক্ষ্মীকান্ত দাস।

Leave a Comment