২১ জুনৰ দিনাও বন্ধ থাকিব উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান

পঙ্কজ নাথ। বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ অৰ্থাৎ ২১ জুনত কামৰূপ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি কৰা বতৰৰ আগলি বতৰা প্ৰদান কৰিছে।

G6 9
২১ জুনৰ দিনাও বন্ধ থাকিব উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান 2

সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান কাইলৈ অৰ্থাৎ ২১ জুনত বন্ধৰ ঘোষণা কৰিছে।

অৱশ্যে সেইদিনা পূৰ্ব নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ চলিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।