অসম

২০২১-২২ বিত্তীয় বৰ্ষত প্ৰায় ৪১.৭২ কোটি টকাৰ ৰাজহ সংগ্ৰহ কামৰূপ জিলা পৰিবহন বিভাগৰ…

অভিলেখ সৃষ্টিৰে ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰায় ৪১.৭২ কোটি টকাৰ ৰাজহ সংগ্ৰহ কামৰূপ জিলা পৰিবহন বিভাগৰ।

২০২১ -২২ বিত্তীয় বৰ্ষত কামৰূপ জিলা পৰিবহন বিভাগে প্ৰায় ৪১.৭২ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

এটা বিত্তীয় বৰ্ষতে ইমান পৰিমাণৰ ৰাজহ সংগ্ৰহ এক অভিলেখ বুলি চিহ্নিত হৈছে।

কামৰূপ জিলা পৰিবহন বিভাগৰ মুখ্য কাৰ্যালয় আমিনগাঁৱত স্থাপন কৰাৰ পিছতে পোন প্ৰথম বাৰৰ বাবে এনে অভিলেখ সংখ‍্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে যোৱাটো বিত্তীয় বৰ্ষত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ২৯.৯১ কোটি টকা।

জিলা পৰিবহন বিষয়াই জনোৱা মতে ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজপথত অতিৰিক্ত বোজা কঢ়িওৱা ৮৫৯ টা ঘটনাৰ বিপৰীতে ২.২৬ কোটি টকা আৰু হেলমেট বিহীন মটৰচাইকেলৰ পৰা জৰিমনাৰ নামত ৭.৪৫ লাখ টকা সংগৃহীত হৈছিল।

যোৱা বিত্তীয় বৰ্ষৰ তুলনাতকৈ এই বৰ্ষত প্ৰায় ১২ কোটি টকা অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰা হয় বুলিও তেখেতে মন্তব্য দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *