অসমঅসমীয়া

১.৩০ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট জব্দ, বাহনসহ যুৱকক আটক BSF-আৰক্ষীৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

সমান্তৰালভাৱে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীসমূহেও এই অভিযানত পূৰ্ণ সহযােগিতা প্ৰদান কৰিছে।

এইবাৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফ আৰু আৰক্ষীয়ে যৌথ অভিযানত কৰিমগঞ্জ জিলাৰ চৰগোলা-কালিগঞ্জ পথত বৃহৎ পৰিমাণৰ ‘ইয়াবা’ টেবলেটৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

এএছ০৪এম-০৫৫১ নম্বৰৰ হুণ্ডাই ইয়ন গাড়ীৰ পৰা জব্দ কৰা হয় বিপুল পৰিমাণৰ ‘ইয়াবা’ টেবলেট।

FJnnuq-JVUAc7a-GE

জানিব পৰা মতে, বিএছএফ আৰু আৰক্ষীয়ে কৰিমগঞ্জৰ কালিগঞ্জ বজাৰৰ ওচৰৰ পীৰৰ চ’ক বজাৰত গাড়ীখন তন্ন তন্নকৈ তালাচী চলাই এটা কাৰ্টনত লুকুৱাই থোৱা টেবলেটসমূহ উদ্ধাৰ কৰে।

FJnnu-EVVc-AEv-Ly1

কাৰ্টুনৰ পৰা ২৬ হাজাৰ টেবলেট জব্দ কৰা হয়।

টেবলেটখিনিৰ আনুমানিক মূল্য .৩০ কোটি টকা। গ্ৰেপ্তাৰ কৰা ব্যক্তিজন হৈছে মাৰ্ফুজা আহমেদ (১৮)।

এই লােকজনৰ ঘৰ কৰিমগঞ্জ জিলাৰ কালিগঞ্জৰ কুদ্ৰাকান্দিত বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

G7

Leave a Reply

Your email address will not be published. Required fields are marked *